Posts

চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ আৰু দায়িত্ব

ৰোগীৰ অধিকাৰ আৰু দায়িত্ব ৰোগীৰ অধিকাৰ ১) জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সামাজিক স্থান, লিংগ, অৰ্থনৈতিক অৱস্থা, আৰু ৰোগ নিৰ্বিশেষে (সেয়া এইডছৰ দৰে অতি সংক্ৰমিত ৰোগ হওক বা যি ৰোগেই হওক) চিকিৎসা সকলোৰে মৌলিক অধিকাৰ।  ২) আপোনাৰ নৈতিক বোধ, বিশ্বাস, সন্মান সকলো অক্ষুণ্ণ ৰাখি চিকিৎসা সেৱা আপোনাৰ অধিকাৰ।  ৩) আপুনি নিজে ঠিক কৰা পৰিয়ালৰ নিৰ্ধাৰিত লোক, বা অন্য কোনো মানুহ, বা আপোনাৰ পৰিয়ালৰ চিকিৎসকক আপুনি চিকিৎসালয়ত ভৰ্তি হব লগা হলে, খবৰ দিয়াটো এক দায়িত্ব আৰু অধিকাৰ ৪) আপোনাক যিজন চিকিৎসকে প্ৰধান চিকিৎসা কৰিব তেওঁৰ আৰু তেওঁৰ চিকিৎসা দলৰ সকলো সদস্যৰ নাম, অৰ্হতা জনাৰ আপোনাৰ অধিকাৰ আছে।  ৫) আপুনি কেনে বিচাৰে, কি ভাল পায় এই সম্পৰ্কে আগতীয়াকৈ স্বাস্থ্য কৰ্মীক জনোৱা আপোনাৰ অধিকাৰ আছে। যদি আপুনি ভাৱে যে, আপোনাতকৈ আপোনাৰ হৈ বেলেগ কোনোবা এজনে কথাবোৰ বেছি ভালকৈ বুজিব, বা দায়িত্ব লব পাৰিব, আপুনি আপোনাৰ চিকিৎসা দলক আগতীয়াকৈ জানিব দিয়ক। আপোনাৰ ইচ্ছা চিকিৎসা দলে সন্মান কৰিব লাগিব।  ৬) আপুনি বুজাকৈ সৰল ভাষাত আপোনাৰ কি অসুখ হৈছে, কি চিকিৎসাৰ আঁচনি লোৱা হৈছে, চিকিৎসাৰ পাৰ্শক্ৰিয়া, ভাল হোৱাৰ সম্ভাৱনা আদ...

চকু টিপিওৱা আৰু চকুৰ স্বাস্থ্যৰ সম্পৰ্ক

এক দিনত আমি কিমানবাৰ চকুৰ টিপিৱাও?   এক দিনত আপুনি কিমানবাৰ চকু তিপিয়ায়? চকু তিপিওৱা প্ৰায় শ্বাস-প্ৰশ্বাসৰ দৰেই: আপুনি গোটেই দিনটো, প্ৰতিদিনে এইটো কৰে, সেইটোৰ প্ৰতি মনোযোগ নিদিয়াকৈ বা  সংখ্যা গণনা নকৰাকৈ।  তেন্তে, আপুনি এক দিনত কিমানবাৰ পলক পেলায়? গড় কিশোৰ/প্ৰাপ্তবয়স্ক ব্যক্তিয়ে প্ৰতি মিনিটত ১৫ বাৰ পলক পেলায়। এদিনত ১,৪৪০ মিনিট থাকে, গতিকে আপুনি সম্ভৱতঃ দিনত প্ৰায় ২১,৬০০ বাৰ পলক পেলায়। এক দিনত গড় পলক পেলোৱাৰ সংখ্যা ব্যক্তিভেদে ভিন্ন হ’ব পাৰে, কিন্তু পুৰুষ আৰু মহিলাৰ বাবে প্ৰায় একে। শিশু আৰু সৰু ল’ৰা-ছোৱালীয়ে কম সঘনাই পলক পেলায়। ধৰি লওক আপোনাৰ পলক পেলোৱাৰ হাৰ কিশোৰ আৰু প্ৰাপ্তবয়স্কৰ গড় হাৰৰ সৈতে মিল আছে, তেন্তে নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনাৰ পলকৰ সংখ্যা নিম্নলিখিতৰ দৰে হ’ব: এসপ্তাহত কিমানবাৰ পলক পেলায়? প্ৰায় ১,৫১,২০০ বাৰ   এমাহত কিমানবাৰ পলক পেলায়? প্ৰায় ৬,৫৭,৪৩৯ বাৰ   এবছৰত কিমানবাৰ পলক পেলায়? প্ৰায় ৭৮ লাখ বাৰ   এদশকত কিমানবাৰ পলক পেলায়? প্ৰায় ৭৮৮ লাখ বাৰ   জীৱনকালত কিমানবাৰ পলক পেলায়? প্ৰায় ৬২১৫ লাখ বাৰ আপুনি ...

চকুৰ শুষ্কতা বা dry eye syndrome

শুকান চকু/ চকুৰ শুষ্কতা /dry eye চিন্ড্ৰম ( চকুৰ ৰোগ) কি? শুকান চকু: লক্ষণ আৰু কাৰণ শুকান চকুৰ সিন্ড্ৰম, যাক শুকান চকুৰ ৰোগ (DED) বা ড্ৰাই আই বুলিও কোৱা হয়, এনে এটা অৱস্থা য’ত চকুৱে পৰ্যাপ্ত পৰিমাণে চকুলো উৎপন্ন নকৰে। ড্ৰাই আই তেতিয়াও হ’ব পাৰে যেতিয়া আপোনাৰ চকুৱে সঠিক ধৰণৰ চকুলো সৃষ্টি নকৰে।  বিশ্বৰ ১৬ মিলিয়নতকৈ অধিক লোকক প্ৰভাৱিত কৰে।   জীৱনৰ প্ৰতিটো দশকৰ লগে লগে DED হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, কিন্তু ই যিকোনো বয়সৰ লোকক প্ৰভাৱিত কৰিব পাৰে। ৫০ বছৰৰ পিছত ড্ৰাই আই হোৱাৰ সম্ভাৱনা বেচি হৈ পৰে। ৰোগী জনে প্ৰায়ে দুই চকুতেই DED অনুভৱ কৰে। কেৱল এটা চকুত শুকান চকুৰ লক্ষণ থকাটো সম্ভৱ, কিন্তু এইটো অস্বাভাৱিক।   DED সাময়িক বা দীৰ্ঘম্যাদী হ’ব পাৰে। সাময়িক শুকান চকুৰ উদাহৰণ হ’ল শুকান জলবায়ুত ছুটীত থাকোঁতে বা অত্যধিক স্ক্ৰীণৰ সময় কটোৱাৰ পিছত অনুভৱ কৰা শুকানতা। সাময়িক শুকান চকু সাধাৰণতে সহজে চিকিৎসা কৰা হয় আৰু ফলাফল দ্ৰুত দেখা যায়। কিন্তু নিয়মিতভাৱে হোৱা আৰু চিকিৎসা নকৰা সাময়িক লক্ষণসমূহে দীৰ্ঘম্যাদী DEDৰ সৃষ্টি কৰিব পাৰে।   দীৰ্ঘম্যাদী শুকান চকুৰ সিন্ড্...

চকুৰ মণিৰ ওপৰত চামনি পৰিছে নেকি? টেৰিজিয়াম কি?

এটা টেৰিজিয়াম  হৈছে চকুৰ মনিৰ ওপৰত  উঠা, তিনি কুনীয়া গোটা যি চকুৰ বগা অংশত (স্ক্লেৰা) আৰম্ভ হয় আৰু কৰ্ণিয়াত আক্ৰমণ কৰিব পাৰে। এটা চকুৰ উপৰত এই চকুৰ গোটা এক বা একাধিক থাকিব পাৰে। যদিও ইয়াক সাধাৰণতে "চাৰ্ফাৰৰ চকু" বুলি কোৱা হয়, বিদেশত সমুদ্ৰৰ ঢৌ ৰ মাজত চাৰ্ফিং কৰা মানুহৰ এই বেমাৰ হোৱা দেখা গৈছিল। আমাৰ দেশত কিন্তু উজ্জ্বল সূৰ্যৰ পোহৰত দীৰ্ঘ সময় থকা , খেতি বাতি , বাগান ত কাম কৰা, মাছ মৰা মানুহৰ মাজত এই বেমাৰ দেখা যায়।  য’ত সূৰ্যৰ ক্ষতিকাৰক UV কিৰণৰ প্ৰভাৱ বেছি তেনেঠাইত কাম কৰা মানুহৰ মাজত এয়া বেছি দেখা যায়।  বহুতে ভয় কৰা দৰে এইটো কৰ্কট ৰোগ নহয়, কিন্তু ই চকুৰ স্থায়ী বিকৃতি ঘটাব পাৰে। ইয়াৰ উপৰিও ই অস্বস্তি আৰু কম দৃষ্টি শক্তিৰ কাৰণ হব পাৰে। যদিও সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া বিকিৰণ টেৰি জিয়াম বিকাশ আৰু বৃদ্ধিৰ প্ৰাথমিক কাৰণ বুলি প্ৰতীয়মান হয়, ধূলি আৰু বতাহো কেতিয়াবা জড়িত হয়, লগতে চকুৰ dryness থকা মানে চকু ৰ পানী যাৰ চকুত কমকৈ উৎপাদন হয় তেনে লোকৰ মাজত এই বেমাৰ বেছি হোৱা দেখা যায়। সাধাৰণতে ৩০ৰ পৰা ৫০ বছৰ বয়সৰ লোকৰ মাজত দেখা যায়।  এই চকুৰ গোটা শিশুৰ মাজ...