চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ আৰু দায়িত্ব
ৰোগীৰ অধিকাৰ আৰু দায়িত্ব ৰোগীৰ অধিকাৰ ১) জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সামাজিক স্থান, লিংগ, অৰ্থনৈতিক অৱস্থা, আৰু ৰোগ নিৰ্বিশেষে (সেয়া এইডছৰ দৰে অতি সংক্ৰমিত ৰোগ হওক বা যি ৰোগেই হওক) চিকিৎসা সকলোৰে মৌলিক অধিকাৰ। ২) আপোনাৰ নৈতিক বোধ, বিশ্বাস, সন্মান সকলো অক্ষুণ্ণ ৰাখি চিকিৎসা সেৱা আপোনাৰ অধিকাৰ। ৩) আপুনি নিজে ঠিক কৰা পৰিয়ালৰ নিৰ্ধাৰিত লোক, বা অন্য কোনো মানুহ, বা আপোনাৰ পৰিয়ালৰ চিকিৎসকক আপুনি চিকিৎসালয়ত ভৰ্তি হব লগা হলে, খবৰ দিয়াটো এক দায়িত্ব আৰু অধিকাৰ ৪) আপোনাক যিজন চিকিৎসকে প্ৰধান চিকিৎসা কৰিব তেওঁৰ আৰু তেওঁৰ চিকিৎসা দলৰ সকলো সদস্যৰ নাম, অৰ্হতা জনাৰ আপোনাৰ অধিকাৰ আছে। ৫) আপুনি কেনে বিচাৰে, কি ভাল পায় এই সম্পৰ্কে আগতীয়াকৈ স্বাস্থ্য কৰ্মীক জনোৱা আপোনাৰ অধিকাৰ আছে। যদি আপুনি ভাৱে যে, আপোনাতকৈ আপোনাৰ হৈ বেলেগ কোনোবা এজনে কথাবোৰ বেছি ভালকৈ বুজিব, বা দায়িত্ব লব পাৰিব, আপুনি আপোনাৰ চিকিৎসা দলক আগতীয়াকৈ জানিব দিয়ক। আপোনাৰ ইচ্ছা চিকিৎসা দলে সন্মান কৰিব লাগিব। ৬) আপুনি বুজাকৈ সৰল ভাষাত আপোনাৰ কি অসুখ হৈছে, কি চিকিৎসাৰ আঁচনি লোৱা হৈছে, চিকিৎসাৰ পাৰ্শক্ৰিয়া, ভাল হোৱাৰ সম্ভাৱনা আদ...