চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ আৰু দায়িত্ব

ৰোগীৰ অধিকাৰ আৰু দায়িত্ব

ৰোগীৰ অধিকাৰ

১) জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সামাজিক স্থান, লিংগ, অৰ্থনৈতিক অৱস্থা, আৰু ৰোগ নিৰ্বিশেষে (সেয়া এইডছৰ দৰে অতি সংক্ৰমিত ৰোগ হওক বা যি ৰোগেই হওক) চিকিৎসা সকলোৰে মৌলিক অধিকাৰ। 
২) আপোনাৰ নৈতিক বোধ, বিশ্বাস, সন্মান সকলো অক্ষুণ্ণ ৰাখি চিকিৎসা সেৱা আপোনাৰ অধিকাৰ। 
৩) আপুনি নিজে ঠিক কৰা পৰিয়ালৰ নিৰ্ধাৰিত লোক, বা অন্য কোনো মানুহ, বা আপোনাৰ পৰিয়ালৰ চিকিৎসকক আপুনি চিকিৎসালয়ত ভৰ্তি হব লগা হলে, খবৰ দিয়াটো এক দায়িত্ব আৰু অধিকাৰ
৪) আপোনাক যিজন চিকিৎসকে প্ৰধান চিকিৎসা কৰিব তেওঁৰ আৰু তেওঁৰ চিকিৎসা দলৰ সকলো সদস্যৰ নাম, অৰ্হতা জনাৰ আপোনাৰ অধিকাৰ আছে। 
৫) আপুনি কেনে বিচাৰে, কি ভাল পায় এই সম্পৰ্কে আগতীয়াকৈ স্বাস্থ্য কৰ্মীক জনোৱা আপোনাৰ অধিকাৰ আছে। যদি আপুনি ভাৱে যে, আপোনাতকৈ আপোনাৰ হৈ বেলেগ কোনোবা এজনে কথাবোৰ বেছি ভালকৈ বুজিব, বা দায়িত্ব লব পাৰিব, আপুনি আপোনাৰ চিকিৎসা দলক আগতীয়াকৈ জানিব দিয়ক। আপোনাৰ ইচ্ছা চিকিৎসা দলে সন্মান কৰিব লাগিব। 
৬) আপুনি বুজাকৈ সৰল ভাষাত আপোনাৰ কি অসুখ হৈছে, কি চিকিৎসাৰ আঁচনি লোৱা হৈছে, চিকিৎসাৰ পাৰ্শক্ৰিয়া, ভাল হোৱাৰ সম্ভাৱনা আদি জনাৰ আপোনাৰ অধিকাৰ আছে। এই সকলো কথা চিকিৎসক বা স্বাস্থ্যকৰ্মীয়ে আপোনাক সৰল ভাষাত বুজাই দিয়া বাধ্যতামূলক। 
৭) চিকিৎসাৰ আগতে সেই অসুখ আৰু তাৰ চিকিৎসাৰ বিষয়ে যিমান পাৰে জনাৰ চেষ্টা কৰক, যাতে আপুনি উচিত সিদ্ধান্ত বা সন্মতি দিব পাৰে ( এই ক্ষেত্ৰত গুগলৰ সহায় লৈ মানুহ সঘনে বিপথে পৰিচালিত হোৱা দেখা যায়, কিয়নো গুগলৰ তথ্য ব্যক্তিগত ৰোগী কেন্দ্ৰিক নহয়, গতিকে সেয়া এজন নিৰ্দিষ্ট ৰোগীৰ বাবে সত্য নহব আৰু গুগলৰ সকলো তথ্যৰ গুণগত মানদণ্ডৰ নিয়ন্ত্ৰণ নাই। স্বাস্থ্য সেৱাত বহুতো ধোঁৱা বৰণীয়া কথা থাকে, যিটো গুগলে আপোনাক বুজাব নোৱাৰে। সঠিক তথ্যৰ বাবে পৰিয়ালৰ বা চিনাকি চিকিৎসকৰ সহায় লওক। ) সকলো তথ্য সংগ্ৰহ কৰি আপোনাৰ চিকিৎসা লোৱা বা নোলোৱাৰ অধিকাৰ আছে। 
৮) আপোনাৰ চিকিৎসা বা ৰোগ আপোনাৰ ব্যক্তিগত বিষয়। । ইয়াত আপুনি নিবিচাৰিলে চিকিৎসকে তাৰ গোপনীয়তা বজাই ৰাখিব লাগিব আৰু বিনা অনুমতিত কোনো তৃতীয় ব্যক্তিৰ লগত স্বাস্থ্য কৰ্মীয়ে এই বিষয়ে আলোচনা নকৰিব ( কিন্তু আমাৰ দেশত, যি কোনো এজন ব্যক্তিয়ে, মই ৰোগীৰ পেহা/মহা আদি হওঁ বুলি যিকোনো সময়তে চিকিৎসকৰ কোঠাত সোমায় ৰোগীৰ বিষয়ে জানিব খোজে। নকলে চিকিৎসক অহংকাৰী বা ব্যৱহাৰ নজনা বুলি কয়)
৯) সকলো ৰোগীৰ নিজৰ চিকিৎসাৰ সকলো নথিপত্ৰ, কেছ ফাইল, লেবৰেটৰী ৰিপোৰ্টৰ কপী পোৱাৰ অধিকাৰ আছে। এইবোৰ চিকিৎসাৰ যিকোনো সময়ত আদায় কৰিব পাৰে। ৰোগীৰ ছুটী হলে বা মৃত্যু হলে ছুটীৰ কাগজটা মৃত্যুৰ ৰেকৰ্ড ৰোগীৰ প্ৰাপ্য। 
১০)আপুনি যদি ভাৱে যে আপোনাৰ চিকিৎসাত হেমাহি হৈছে আপুনি সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা আপোনাৰ অধিকাৰ আছে
১১) চিকিৎসাৰ আৰম্ভণিতে চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসাৰ সম্ভাৱনীয় খৰচৰ বিষয়ে লিখিতভাৱে দিয়াটো বাঞ্ছনীয়। চিকিৎসালয়ত বিল কত, কিমান হল, কিয় হল, কত কিমান খৰচ হল, পৰিশোধ কৰাৰ আগতে তাক খৰচি মাৰি বুজি লোৱাৰ আপোনাৰ অধিকাৰ আছে। চিকিৎসাৰ খৰচৰ সম্পূৰ্ণ প্ৰমাণিত ৰচিদ আপোনাৰ প্ৰাপ্য। 
১১) চিকিৎসাৰ যিকোনো অৱস্থাত চিকিৎসালয় সলনি কৰা আপোনাৰ অধিকাৰ আছে। 
১২)সকলো ৰোগীৰ যিকোনো চিকিৎসালয়তে ( চৰকাৰী বা ব্যক্তিগত খণ্ড) জৰুৰী আপাতকালীন চিকিৎসাৰ ( Emergency care) অধিকাৰ আছে। ৰোগীয়ে ইয়াৰ বাবে ধন পৰিশোধ কৰিব নোৱাৰিলেও প্ৰাথমিক আপাতকালীন চিকিৎসা সকলো চিকিৎসালয়ে দিয়াটো বাধ্যতামূলক। 
১৩)সকলো ৰোগীৰ সুৰক্ষিত পৰিৱেশত সুৰক্ষিত আৰু উন্নত মানদণ্ডৰ চিকিৎসাৰ অধিকাৰ আছে। 
১৪)সকলো ৰোগীয়ে নিজৰ ইচ্ছামতে বৈকল্পিক চিকিৎসা লোৱাৰ অধিকাৰ আছে। 

ৰোগীৰ দায়িত্ব -

১) আপোনাৰ ৰোগৰ বিষয়ে সবিশেষ জনোৱা আপোনাৰ দায়িত্ব। তাৰ ভিতৰত এই ৰোগ কেতিয়া হল, কেনেকৈ আৰম্ভ হল, কি কি চিকিৎসা কৰিছে, কিবা বনৌষধি আদি ব্যৱহাৰ কৰিছে যদি তাৰ বিতঙ তথ্য, কিবা বিকল্প চিকিৎসা কৰিছে যদি তাৰ বিষয়ে, কিবা ঔষধৰ এলাৰ্জি আছে যদি তাৰ খবৰ, ধূম্ৰপান, নিচা যুক্ত দ্ৰব্য সেৱন কৰে যদি তাৰ বিষয়ে সবিশেষ জনোৱা আপোনাৰ দায়িত্ব। আপোনাৰ চিকিৎসাৰ পুৰণি নথি পত্ৰ আদি ভালদৰে শৃংখল লগাই ৰখা আৰু চিকিৎসকক জনোৱা আপোনাৰ দায়িত্ব ( আমাৰ বেছিভাগ ৰোগীৰ হাতত পুৰণা তথ্যৰ ফাইল নেথাকে, আৰু থাকিলেও তাত কেৱল হস্পিটেলৰ বিল আদি, চিকিৎসাৰ বাবে অলাগতিয়াল কাগজ থাকে। অৱশ্যে কিছুমান ৰোগী এই ক্ষেত্ৰত যথেষ্ট সচেতন। )
২) যদি চিকিৎসালৈ থাকোঁতে তেওঁৰ শৰীৰ বেছি বেয়া হয় বা নতুন লক্ষণে দেখা দিয়ে, বা কোনো ঔষধৰ এলাৰ্জী বা পাৰ্শ্ব ক্ৰিয়া হলে, চিকিৎসকক অৱগত কৰোৱাটো তেওঁৰ দায়িত্ব। 
৩) যদি চিকিৎসাৰ পৰিকল্পনা বা চিকিৎসাৰ বিধি ভালদৰে বুজি নেপাই, তেন্তে চিকিৎসকক সোধাটো আৰু ভালদৰে বুজি লোৱাটো তেওঁৰ দায়িত্ব। 
৪) এবাৰ নিৰ্দিষ্ট চিকিৎসাত সন্মতি দিয়াৰ পাছত সেই চিকিৎসাৰ বিধি আখৰে আখৰে পালন কৰা তেওঁৰ দায়িত্ব। নাৰ্ছ বা যিকোনো স্বাস্থ্য কৰ্মীৰ বিধান মানি চলা তেওঁৰ দায়িত্ব
৫) চিকিৎসকৰ লগত থকা নিৰ্দিষ্ট নিযুক্তি ( appointment) মানি চলাটো তেওঁৰ দায়িত্ব। ১০ বজাত মতা ৰোগী ১২ বজাত আহিলে, বাকী ৰোগী, চিকিৎসালয়, চিকিৎসক সকলোৰে অসুবিধা হয়। নিৰ্দিষ্ট সময়ত আহিব নোৱাৰিলে আগতীয়াকৈ খবৰ দিয়াটো দায়িত্ব, যাতে চিকিৎসকে বেলেগ ৰোগীক সেৱা আগবঢ়াব পাৰে। 
৬) চিকিৎসালয়ত বেলেগ ৰোগী, স্বাস্থ্য কৰ্মী, আদিক নিৰ্দিষ্ট সন্মান দিয়াটো বাঞ্ছনীয়। 
৭) চিকিৎসালয়ৰ নিৰ্দিষ্ট নিয়ম যেনে, ধূম্ৰপান, মাদক দ্ৰব্য নিষেধ, অভ্যাগতৰ বাবে নিৰ্দিষ্ট সময় আদি মানি চলাটো ৰোগীৰ, পৰিয়ালৰ আৰু আত্মীয়, বন্ধু বৰ্গৰ দায়িত্ব। 
৮) নিৰ্দিষ্ট চিকিৎসা লবলৈ সন্মতি নিদিলে তাৰ পৰিণতিৰ বাবে ৰোগীয়ে দায়িত্ব লব লাগিব। 
৯) চিকিৎসালয়ৰ বিল নিৰ্দিষ্ট সময়ত পৰিশোধ কৰা ৰোগীৰ দায়িত্ব। 
১০) ৰোগীৰ আত্মীয় আৰু বন্ধু বৰ্গৰ পৰা চিকিৎসালয়ত পৰিবেশ নষ্ট নকৰা বা বেলেগ ৰোগীক আমনি নিদিয়া ৰোগীৰ দায়িত্ব। 
১১) আপোনাৰ চিকিৎসক বাছনি কৰা আপোনাৰ অধিকাৰ, কিন্তু এবাৰ চিকিৎসক ঠিক কৰাৰ পাছত তেওঁক বিশ্বাস কৰা আপোনাৰ দায়িত্ব। অৱশ্যে তেখেতৰ লগত কথা পাতি মনঃপূত নহলে আপুনি নিজৰ চিকিৎসক সলনি কৰিব পাৰে। 
১২) জৰুৰী নহলে চিকিৎসকক অযথা ফোন কৰি আমনি নিদিয়াটো আপোনাৰ দায়িত্ব। ফোন কৰিলেও সংক্ষিপ্ত হোৱাটো বাঞ্ছনীয়। ফোনত চিকিৎসা বিছৰাটো আচলতে ৰোগীৰ বাবে বিপদ জনক।

Comments

Popular posts from this blog

চকুৰ খজুৱতি কাৰণ আৰু প্ৰতিকাৰ

চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D

driving licence আৰু চকু পৰীক্ষা