চকুৰ বিষয়ে কিছু আমোদ জনক তথ্য

আমাৰ শৰীৰৰ সকলোতকৈ জটিল অঙ্গ হল মগজু। চকু আমাৰ দেহৰ দ্বিতীয় জটিল অঙ্গ।
চকুৰ পিছফালৰ পৰ্দা খনক ৰেটিনা বুলি কোৱা হয়।
ৰেটিনা খনে ৰঙা, নীলা আৰু সেউজীয়া এই তিনিবিধ ৰং ধৰিব পাৰে। কিন্ত্ত এই তিনিটা ৰঙৰ সংমিশ্ৰণ ত সৃষ্টি হোৱা দহ মিলিয়ন অৰ্থাৎ এক কোটি ৰঙৰ মাজত পাৰ্থক্য আমাৰ মগজু এ ধৰিব পাৰে।
ইৰিছ হল চকুৰ কৰ্ণিয়া ৰ পিছফালে থকা অংগ। প্ৰতি ইৰিচ ৰ ২৫৬ তা বিশেষত্ব থাকে। আনহাতে finger print ৰ বিশেষত্ব হল মাত্ৰ ৪০ তা । সেয়েহে আজিকালি biometric ত ইৰিচ ৰ বিশেষত্ব বোৰ চোৱা হয়।
ৰেটিনাৰ দুই ধৰণৰ nerve থাকে। Rod আৰু cone।
Rod ৰ সহায়ত আমি ৰাতি দেখা পাও।cone ৰ কাম হল colour vision। অৰ্থাৎ ৰং ৰ পাৰ্থক্য বুজা।
এজন মানুহে প্ৰতি মিনিট ত ১২বাৰ চকু তিপিয়াই।
চকুৰ cornea আমাৰ শৰীৰৰ একমাত্ৰ অংগ যত কোনো তেজৰ নলিকা নাথাকে।

Comments

Popular posts from this blog

চকুৰ খজুৱতি কাৰণ আৰু প্ৰতিকাৰ

চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D

driving licence আৰু চকু পৰীক্ষা