চকুৰ সমস্যা :: মামা ভাগিনৰ বাৰ্তা লাপ

ঘৰ সোমাই এ দেখিলো বাবুই জুমি জুমি Mobile টো চাই আছে। 
"কি হল বাবু চকু এনেকৈ সৰু সৰু কৰি mobile ত কি চাই আছা?"
"নাই ৰবা মামা কিবা নোট এটা লগৰ লৰাই দিছে তাকে চাই আছো।"
"বাবু তুমি mobile চালে মাজে মাজে ধোঁৱা ধোঁৱা অস্পষ্ট দেখা নেকি?"
"অ কেতিয়াবা দেখো মামা কিন্তু আমাৰ লগৰ সকলোৰে এনেকুৱা হয় বোলে।"
"হয় নেকি ? আৰু কোৱা বোৰ্ডত শিক্ষকে লিখিলে দুৰৰ পৰা কমকৈ দেখা পোৱা নেকি?"
"অ পাও কেতিয়াবা। তেতিয়া মই গৈ আগৰ বেঞ্চ ত বহি লওঁ। তেতিয়া দেখা পাও।"
"তুমি চকুৰ ডাক্তৰৰ তাত যাব লগীয়া হৈছে বাবু। তোমাৰ myopia হৈছে যেন পাও।"
"এইটো কি বেমাৰ মামা?"
"এইটো নিকট দৃষ্টি বুলি কয়। এইটো হলে মানুহে উচৰৰ বস্তু বোৰ দেখা পাই কিন্তু দুৰৰ বস্তু বোৰ দেখা নাপাই।
এইটো কিয় হয় মামা?"
"এইটো হোৱাৰ বহুত কাৰণ আছে।
বংশগত কাৰক কিছুমান আছে। মানে কিছুমানৰ বংশত এইটো থাকে। মাক বাপেক ককা আইতা মামা এওঁলোকৰ থাকিলে এইটো পিছৰ প্ৰজন্মৰ লোকৰ হব পাৰে।
কিন্তু বেছি ভাগ ক্ষেত্ৰত কি হয় জানা?"
"কি হয় "
"আজিকালি বেছিভাগ লৰা ছোৱালী বাহিৰত খেলা ধূলা নকৰে। ঘৰতে সোমাই পঢ়া শুনা কৰে নহলে mobile, tv চাই থাকে। সূৰ্যৰ পোহৰৰ বহুত আচৰিত শক্তি আছে। আমাৰ শৰীৰ টো গঠন কৰিবলৈ আৰু শৰীৰৰ প্ৰতিটো অংগ সুচাৰু কৈ কাম কৰিবলৈ সূৰ্যৰ পোহৰৰ অতি প্ৰয়োজন আছে।
তুমি যদি গুহা এটাত সোমোৱা দৰে ৰুমত থাকি mobile screen খন চাই থকা, তেতিয়া তোমাৰ দুৰৰ power যাবই।
বুজিছা নহয়।"
"ও বুজিলো বাৰু, কিন্তু এতিয়া মই কি কৰিব লাগিব?"
"তুমি একো কৰিব নালাগে। মই তোমাক অহাকালি চকুৰ ডাক্তৰৰ ওচৰলৈ লৈ যাম। তাত তেওঁ তোমাৰ চকু চাই  কব কি কৰিব লাগে।"

Comments

Popular posts from this blog

চকুৰ খজুৱতি কাৰণ আৰু প্ৰতিকাৰ

চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D

driving licence আৰু চকু পৰীক্ষা