কম্পিউটাৰ ভিচন চিন্দ্ৰম চকুৰ নতুন সমস্যা

বৰ্তমান মানুহৰ জীৱন জীৱিকা দুইটাই যথেষ্ট সলনি হৈছে। স্মাৰ্ট ফোন ৰ অবাধ ব্যবহাৰ যোৱা দহ বছৰত যথেষ্ট বাঢ়িছে। বৰ্তমান সময়ত স্মাৰ্ট ফোন ব্যবহাৰ নকৰা কৈ জীৱন যাপন প্ৰায় অসম্ভৱ হৈ পৰিছে। এই দৰে mobile ফোন চোৱাৰ বাবে মানুহৰ চকুৰ নতুন সমস্যা কিছুমান দেখা দিছে যাক কম্পিউটাৰ ভিছন চিন্দ্ৰম বা ডিজিটেল eye strain বুলি কোৱা হয়।
ইয়াৰ লক্ষণ বোৰ হল
চকুৰ বিষ, ভাগৰুৱা চকু
ধোঁৱা দেখা, একেটা বস্তু দুটা দুটা দেখা
মূৰৰ বিষ
চকু ৰঙা পৰা
ডিঙিৰ বিষ

দিনত দুঘণ্টা বা তাতকৈ বেছি screen চোৱা মানুহৰ মাজত এই সমস্যা বেছি হয়।
Screen ৰ পৰা ওলোৱা blue লাইট এ চকুৰ ক্ষতি বেছি কৰে।

প্ৰতিৰোধ কৰিবলৈ screen time কম কৰিব লাগিব।
প্ৰতি আধা ঘণ্টা চোৱা পিছত কমেও দুই মিনিট চকু যুৰিক ৰেষ্ট দিয়া প্ৰয়োজন।
চশমাত blue block লেন্স লগাই ও strain অলপ কম কৰিব পৰা যায়।
এইবোৰ লক্ষণ থাকিলে বেছিভাগ ক্ষেত্ৰত দেখা যায় যে চকুৰ দৃষ্টি শক্তিৰ সমস্যা ও ইয়াৰ লগতে থাকে।
গতিকে চকুৰ ডাক্তৰক দেখাই লোৱা ভাল।

Comments

Popular posts from this blog

চকুৰ খজুৱতি কাৰণ আৰু প্ৰতিকাৰ

চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D

driving licence আৰু চকু পৰীক্ষা