চকুৰ খজুৱতি কাৰণ আৰু প্ৰতিকাৰ

চকুৰ খজুৱতিৰ কাৰণ আৰু প্ৰতিকাৰ

চকুৰ খজুৱতিৰ কাৰণ (Causes of Eye Itching):

এলাৰ্জী: ফুলৰ পৰাগ ৰেণু, ধূলি, পোহনীয়া জন্তুৰ ছালৰ টুকুৰা, বা ধোঁৱা, চাই পৰাৰ পৰা এলাৰ্জী হ’লে চকু খজুৱাব পাৰে।

চকু শুকান: বতাহৰ প্ৰভাৱত বা বেছি সময় পৰ্দাৰ সন্মুখত থাকিলে চকু শুকাই খজুৱতি হ’ব পাৰে।

সংক্ৰমণ: বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ফলত চকুত খজুৱতি আৰু ৰঙা হ’ব পাৰে।

ধোঁৱা আৰু প্ৰদূষণ: বায়ু প্ৰদূষণ বা ধোঁৱাই চকুত জ্বলাপোৱা আৰু খজুৱতিৰ সৃষ্টি কৰে।

কন্টেক্ট লেন্স: লেন্স পৰিষ্কাৰ নৰখা বা বেছি সময় পিন্ধিলে খজুৱতি হ’ব পাৰে।

ঔষধৰ পাৰ্শ্বক্ৰিয়া: কিছুমান ঔষধৰ ফলতো চকুত খজুৱতি হ’ব পাৰে।

চকুৰ খজুৱতিৰ প্ৰতিকাৰ (Remedies for Eye Itching):

ঠাণ্ডা পানীৰে ধুওক: চকুত ঠাণ্ডা পানী দি ধুলে জ্বলাপোৱা আৰু খজুৱতি কমে।

চকু ঘঁহিব নালাগে: হাতেৰে চকু ঘঁহিলে সমস্যা বাঢ়িব পাৰে, তাৰ পৰিৱৰ্তে পৰিষ্কাৰ কাপোৰেৰে মচক।

এলাৰ্জীৰ পৰা ৰক্ষা: ঘৰৰ ভিতৰত থাকক, খিৰিকী বন্ধ ৰাখক, আৰু ধূলিৰ পৰা বাচিবলৈ  sunglass ব্যবহাৰ কৰিব পাৰে।
বিচনা পৰিপাটি ৰাখক।

চকুৰ ড্ৰপ: ডাক্তৰৰ পৰামৰ্শত এন্টি-এলাৰ্জী বা কৃত্ৰিম অশ্ৰুৰ ড্ৰপ ব্যৱহাৰ কৰক।

পৰ্দাৰ সময় কমাওক:
 কম্পিউটাৰ বা ফোনৰ সন্মুখত বেছি সময় থাকিলে চকু শুকাই  আৰু খজুৱায়, সেয়ে বিশ্ৰাম দিয়ক।

চকুৰ ডাক্তৰৰ পৰামৰ্শ: যদি খজুৱতি বেছি দিন থাকে বা ৰঙা, পানী ওলোৱা হয়, তৎক্ষণাৎ ডাক্তৰৰ ওচৰলৈ যাওক।

পৰিচ্ছন্নতা: হাত সদায় চাবোনৰে ধুই চকুত হাত নিদিব, যাতে সংক্ৰমণ নহয়।

যদি সমস্যা গুৰুতৰ হয়, তেন্তে চকুৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।।

Comments

Popular posts from this blog

চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ আৰু দায়িত্ব

চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D

চকুৰ মণিৰ ওপৰত চামনি পৰিছে নেকি? টেৰিজিয়াম কি?