চকুৰ খজুৱতি কাৰণ আৰু প্ৰতিকাৰ

চকুৰ খজুৱতিৰ কাৰণ আৰু প্ৰতিকাৰ

চকুৰ খজুৱতিৰ কাৰণ (Causes of Eye Itching):

এলাৰ্জী: ফুলৰ পৰাগ ৰেণু, ধূলি, পোহনীয়া জন্তুৰ ছালৰ টুকুৰা, বা ধোঁৱা, চাই পৰাৰ পৰা এলাৰ্জী হ’লে চকু খজুৱাব পাৰে।

চকু শুকান: বতাহৰ প্ৰভাৱত বা বেছি সময় পৰ্দাৰ সন্মুখত থাকিলে চকু শুকাই খজুৱতি হ’ব পাৰে।

সংক্ৰমণ: বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ফলত চকুত খজুৱতি আৰু ৰঙা হ’ব পাৰে।

ধোঁৱা আৰু প্ৰদূষণ: বায়ু প্ৰদূষণ বা ধোঁৱাই চকুত জ্বলাপোৱা আৰু খজুৱতিৰ সৃষ্টি কৰে।

কন্টেক্ট লেন্স: লেন্স পৰিষ্কাৰ নৰখা বা বেছি সময় পিন্ধিলে খজুৱতি হ’ব পাৰে।

ঔষধৰ পাৰ্শ্বক্ৰিয়া: কিছুমান ঔষধৰ ফলতো চকুত খজুৱতি হ’ব পাৰে।

চকুৰ খজুৱতিৰ প্ৰতিকাৰ (Remedies for Eye Itching):

ঠাণ্ডা পানীৰে ধুওক: চকুত ঠাণ্ডা পানী দি ধুলে জ্বলাপোৱা আৰু খজুৱতি কমে।

চকু ঘঁহিব নালাগে: হাতেৰে চকু ঘঁহিলে সমস্যা বাঢ়িব পাৰে, তাৰ পৰিৱৰ্তে পৰিষ্কাৰ কাপোৰেৰে মচক।

এলাৰ্জীৰ পৰা ৰক্ষা: ঘৰৰ ভিতৰত থাকক, খিৰিকী বন্ধ ৰাখক, আৰু ধূলিৰ পৰা বাচিবলৈ  sunglass ব্যবহাৰ কৰিব পাৰে।
বিচনা পৰিপাটি ৰাখক।

চকুৰ ড্ৰপ: ডাক্তৰৰ পৰামৰ্শত এন্টি-এলাৰ্জী বা কৃত্ৰিম অশ্ৰুৰ ড্ৰপ ব্যৱহাৰ কৰক।

পৰ্দাৰ সময় কমাওক:
 কম্পিউটাৰ বা ফোনৰ সন্মুখত বেছি সময় থাকিলে চকু শুকাই  আৰু খজুৱায়, সেয়ে বিশ্ৰাম দিয়ক।

চকুৰ ডাক্তৰৰ পৰামৰ্শ: যদি খজুৱতি বেছি দিন থাকে বা ৰঙা, পানী ওলোৱা হয়, তৎক্ষণাৎ ডাক্তৰৰ ওচৰলৈ যাওক।

পৰিচ্ছন্নতা: হাত সদায় চাবোনৰে ধুই চকুত হাত নিদিব, যাতে সংক্ৰমণ নহয়।

যদি সমস্যা গুৰুতৰ হয়, তেন্তে চকুৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।।

Comments

Popular posts from this blog

চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D

driving licence আৰু চকু পৰীক্ষা