Child hood myopia
নিকট দৃষ্টি তথা ময়োপিয়া
চকু আমাৰ শৰীৰৰ এটা গুৰুত্ব পূৰ্ণ অংগ। বিনন্দিয়া পৃথিৱী খনৰ ৰং ৰূপ উপভোগ কৰিবলৈ আমাৰ চকু যোৰ সুস্থ সবল হৈ থকা প্ৰয়োজন । কিন্তু বিভিন্ন সময়ত বিভিন্ন ৰোগে আমাক আমনি কৰে। বৰ্তমান সময়ত দেখিবলৈ পোৱা তেনে এবিধ ৰোগ হল নিকট দৃষ্টি। এইবিধ বেমাৰত ৰোগী জনে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়। কিন্তু দুৰৰ বস্তু ভালকৈ মনিব নোৱাৰে।
সচৰাচৰ কম বয়স ৰ লৰা ছোৱালীৰ এনে অৱস্থা হোৱা দেখা যায়।
চকুৰ মনিৰ দৈৰ্ঘৰ তাৰতম্যৰ বাবে সাধাৰণতে এই ৰোগ হয়। বৰ্তমান সময়ত লৰা ছোৱালী হতৰ বেছিভাগ কাম ওচৰত কিতাপ পঢ়া, লিখা, মোবাইল, লেপ টপ এই সকলোবোৰ ওচৰত লৈ চাওঁতে চাওঁতে তেওঁলোকৰ দুৰদৃষ্টি শক্তি কমি যায় ।
এই বেমাৰ হলে তেওঁলোকে স্কুলৰ ক্লাছ ৰুমৰ বোৰ্ড ত লিখা কথা বোৰ পঢ়িবলৈ দিগদাৰ পায়। মূৰৰ বিষ, চকু ৰঙা পৰা লক্ষণ বোৰ ও ইয়াৰ লগতে আহে।
এনেকুৱা অসুবিধা পালে চকুৰ ডাক্তৰ ক দেখুৱাই spectacle এযোৰ ললে আকৌ দেখা স্পষ্ট হৈ পৰে।
আজিকালি বিভিননধৰণৰ ঔসধৰে নিকট দৃষ্টি নিৰাময় ৰ বাবে গৱেষণা চলি আছে যদিও প্ৰথম চিকিৎসা এতিয়াও soectacle এ হৈ আছে।
বিভিন্ন surgical procedure যেনে lasik অপাৰেশ্যন ৰ সহায়ত ও নিকট দৃষ্টিৰ চিকিৎসা কৰা সম্ভব।
Comments
Post a Comment