চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D
আমাৰ শৰীৰৰ সুষ্ঠতাৰ বাবে ভিটামিন D অতি প্ৰয়োজনীয় । বৰ্তমান বিভিন্ন গৱেষণা ত দেখা গৈছে যে চকুৰ স্বাস্থ্যৰ বাবে ও ভিটামিন D অতি প্ৰয়োজনীয়।
ভিটামিন D ৰ Anti inflammation property আছে। মানে শৰীৰৰ যিকোনো ঠাইত inflammation ই প্ৰতিহত কৰে। Uveitis, আৰু ৰেটিনাৰ inflammation যাক আমি ARMD বুলি কওঁ, এই দুটা বেমাৰ প্ৰতিহত কৰাত ভিটামিন D এ ভাল ভূমিকা গ্ৰহণ কৰে।
ভিটামিন D ৰ উৎস
ৰাতিপুৱা সূৰ্যৰ পোহৰ লোৱা মানুহৰ দেহত ভিটামিন D শৰীৰে নিজে উৎপাদন কৰিব পাৰে।
খাদ্যৰ ভিতৰত তেলাল মাছ, কণীৰ কুহুম, গাখীৰ, কমলা টেঙাৰ ৰস আদিত প্ৰচুৰ পৰিমাণে ভিটামিন D পোৱা যায়।
যদিহে শৰীৰত ভিটামিন D ৰ পৰিমাণ কম থাকে তেতিয়া ডাক্তৰৰ পৰামৰ্শ মতে ভিটামিন D supplement লব পাৰে।
Comments
Post a Comment