driving licence আৰু চকু পৰীক্ষা
ভাৰতত driving licence বোৰ মটৰ ভেহিকেল এক্ট ১৯৮৮ ৰ অধীনত দিয়া হয়।এইখন আইনত লিখা আছে যে driving licence পাবলৈ চালক জনৰ উপযুক্ত দৃষ্টি শক্তি থাকিব লাগিব। মানে visual acuity, field of vision এইবোৰ normal থাকিব লাগিব। ইয়াত এনেকুৱা কোনো চকুৰ বেমাৰৰ কথা লিখা নাই যিটো থাকিলে driving licence পোৱাত সমস্যা হব। ইয়াত এটা কথা লিখা আছে যে driving licence বিচৰা লোকজনে দিনৰ পোহৰত কমেও ২৫ মিটাৰ দুৰৰ পৰা গাড়ীৰ নম্বৰ প্লেট খন পঢ়িব পাৰিব লাগিব । এই ক্ষেত্ৰত এটা মন কৰিব লগীয়া কথা যে corrected vision অৰ্থাৎ চশমা লৈ ইমান খিনি দেখিলেও driving licence পোৱাত কোনো অসুবিধা নহয়।
যদি এজন মানুহে চশমা লৈ ও ২৫ মিটাৰ দূৰত গাৰীৰ নম্বৰ প্লেট খন পঢ়িব নোৱাৰে তেতিয়া তেওঁৰ চকুৰ vision 6/12 বা তাতকৈ কম আছে আৰু হয়তো কেটাৰাক্ত মানে চকু ৰ ছানি পৰা ৰোগ, glaucoma, retinitis pigmentosa বা অন্য neueological বেমাৰ থাকিব পাৰে। কুকুৰী কণা বা ৰাতি দেখা নোপোৱা, progressive diabetic retinopathy optic neuropathy আদি বেমাৰত licence দিয়া নহয়।
সচৰাচৰ আবেদনকাৰী জনে তেওঁ সিমান দূৰত দেখা পাই বুলি আৰু night blindness ত আক্ৰান্ত নহয় বুলি এখন self declaration দিব লাগে।
40বছৰ ত কৈ বেছি বয়স ৰ ব্যবসায়িক চালক সকলে চকু বিশেষজ্ঞ ৰ পৰা মেডিকেল certificate এখন দিব লগীয়া হয়।
এই নিয়ম বোৰ সময়ে সময়ে সলনি হৈ থাকে গতিকে ওচৰৰ RTO ত খবৰ কাৰিলে প্ৰযোজ্য নিযম বোৰ গম পোৱা যাব।
Comments
Post a Comment