Posts

Showing posts from March, 2025

চকুৰ আগত কলা কলা বস্তু ভাঁহি থকা বা Floaters

চকুত ভাহি থকা বস্তু (Eye Floaters) কি আৰু কিয় হয়? চকুত ভাহি থকা বস্তু বা "ফ্ল’টাৰ্ছ" হ’ল সৰু সৰু ছাঁ বা বিন্দু যিবোৰ আমি চকুৰে দেখোঁতে ওপঙি থকা যেন লাগে। ইয়াক কেতিয়াবা মকৰা-মাখিৰ দৰে, সূতাৰ দৰে, বা ক’লা ধূলিৰ দৰে দেখা যায়। এইবোৰে আমি চকু ঘূৰালে লাহে লাহে সৰে আৰু পোহৰৰ ফালে চালে বেছি স্পষ্ট হয়। বহুতৰে বাবে ই সাধাৰণ, কিন্তু কেতিয়াবা ডাঙৰ সমস্যাৰ লক্ষণো হ’ব পাৰে। কিয় হয়? চকুৰ ভিতৰত এটা জেলীৰ দৰে পদাৰ্থ থাকে, যাক "ভিট্ৰিয়াছ" বোলে। বয়স বঢ়াৰ লগে লগে এইটো তৰল হৈ পৰে আৰু সৰু সৰু টুকুৰা ভাগি পৰে। এই টুকুৰাবোৰৰ ছাঁ চকুৰ "ৰেটিনা"ত পৰে, য’ৰ পৰা আমি দেখোঁ। তেতিয়াই আমি ভাহি থকা বস্তু দেখা পাওঁ। বেছিভাগ সময়ত ই স্বাভাৱিক—৪০ বছৰৰ ওপৰৰ লোকৰ ৫০%ৰ ওচৰত এইটো দেখা যায়। কিন্তু কেতিয়াবা চকুৰ ৰেটিনা ছিগা বা আঁতৰ হ’লে (retinal detachment) এনে হ’ব পাৰে, যিটো গুৰুত্বপূৰ্ণ। কেতিয়া চিন্তা কৰিব লাগে? যদি হঠাতে বহুত ফ্ল’টাৰ দেখা দিয়ে। পোহৰৰ ঝলক (flashes) দেখা যায়, যেন কেমেৰাৰ ফ্লেছ। দৃষ্টিৰ এটা অংশ ক’লা বা অন্ধকাৰ হৈ পৰে। এনে হ’লে ততাতৈ চকুৰ ডাক্তৰৰ ওচৰলৈ যাব লাগে, কাৰণ ৰেটিনাৰ সমস্যা হ...

চকুৰ খজুৱতি কাৰণ আৰু প্ৰতিকাৰ

চকুৰ খজুৱতিৰ কাৰণ আৰু প্ৰতিকাৰ চকুৰ খজুৱতিৰ কাৰণ (Causes of Eye Itching): এলাৰ্জী: ফুলৰ পৰাগ ৰেণু, ধূলি, পোহনীয়া জন্তুৰ ছালৰ টুকুৰা, বা ধোঁৱা, চাই পৰাৰ পৰা এলাৰ্জী হ’লে চকু খজুৱাব পাৰে। চকু শুকান: বতাহৰ প্ৰভাৱত বা বেছি সময় পৰ্দাৰ সন্মুখত থাকিলে চকু শুকাই খজুৱতি হ’ব পাৰে। সংক্ৰমণ: বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ফলত চকুত খজুৱতি আৰু ৰঙা হ’ব পাৰে। ধোঁৱা আৰু প্ৰদূষণ: বায়ু প্ৰদূষণ বা ধোঁৱাই চকুত জ্বলাপোৱা আৰু খজুৱতিৰ সৃষ্টি কৰে। কন্টেক্ট লেন্স: লেন্স পৰিষ্কাৰ নৰখা বা বেছি সময় পিন্ধিলে খজুৱতি হ’ব পাৰে। ঔষধৰ পাৰ্শ্বক্ৰিয়া: কিছুমান ঔষধৰ ফলতো চকুত খজুৱতি হ’ব পাৰে। চকুৰ খজুৱতিৰ প্ৰতিকাৰ (Remedies for Eye Itching): ঠাণ্ডা পানীৰে ধুওক: চকুত ঠাণ্ডা পানী দি ধুলে জ্বলাপোৱা আৰু খজুৱতি কমে। চকু ঘঁহিব নালাগে: হাতেৰে চকু ঘঁহিলে সমস্যা বাঢ়িব পাৰে, তাৰ পৰিৱৰ্তে পৰিষ্কাৰ কাপোৰেৰে মচক। এলাৰ্জীৰ পৰা ৰক্ষা: ঘৰৰ ভিতৰত থাকক, খিৰিকী বন্ধ ৰাখক, আৰু ধূলিৰ পৰা বাচিবলৈ  sunglass ব্যবহাৰ কৰিব পাৰে। বিচনা পৰিপাটি ৰাখক। চকুৰ ড্ৰপ: ডাক্তৰৰ পৰামৰ্শত এন্টি-এলাৰ্জী বা কৃত্ৰিম অশ্ৰুৰ ড্ৰপ ব্যৱহাৰ কৰক। পৰ্দাৰ সময় ক...

চকুত কেঞ্চাৰ হব পাৰে নেকি?

চকুৰ কৰ্কট বা ৰেটিনোব্লাষ্ট’মা ৰেটিনোব্লাষ্ট’মা কি? ৰেটিনোব্লাষ্ট’মা হৈছে চকুৰ ৰেটিনাত (চকুৰ পিছফালৰ পৰ্দা য’ত পোহৰ পৰে) হোৱা এক প্ৰকাৰৰ কৰ্কট। এইটো সাধাৰণতে শিশুৰ ক্ষেত্ৰত দেখা যায়, বিশেষকৈ ৫ বছৰৰ তলৰ শিশুৰ মাজত। ইয়াক চকুৰ এক বিৰল কিন্তু গুৰুতৰ ৰোগ বুলি গণ্য কৰা হয়। এই কৰ্কট এটা চকুত হ’ব পাৰে (ইউনিলেটাৰেল) বা দুয়োটা চকুত হ’ব পাৰে (বাইলেটাৰেল)। কাৰণ: ৰেটিনোব্লাষ্ট’মাৰ মূল কাৰণ হৈছে RB1 নামৰ জিনত হোৱা মিউটেচন (পৰিৱৰ্তন)। এই জিনে সাধাৰণতে কোষৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। যেতিয়া এই জিনত ত্ৰুটি হয়, তেতিয়া ৰেটিনাৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বাঢ়ি কৰ্কটৰ সৃষ্টি কৰে। এই ত্ৰুটি বংশগত হ’ব পাৰে (পৰিয়ালৰ পৰা আহে) বা নতুনকৈ শিশুৰ শৰীৰত সৃষ্টি হ’ব পাৰে। লক্ষণ: চকুৰ পৰ্দাত বগা দাগ দেখা (বিশেষকৈ ফটোত ফ্লেছৰ পোহৰত)। চকু ৰঙা হোৱা বা ফুলা। চকুৰ দৃষ্টি কমি যোৱা। চকুৰ গতি অস্বাভাৱিক হোৱা (যেনে চকু কঁপনি)। চিকিৎসা: ৰেটিনোব্লাষ্ট’মাৰ চিকিৎসা ৰোগৰ পৰ্যায় আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান সাধাৰণ পদ্ধতি হ’ল: কেমোথেৰাপী: ঔষধৰ দ্বাৰা কৰ্কট কোষ ধ্বংস কৰা হয়। চিসপ্লেটিন, কাৰ্বোপ্লেটিন আদি ঔষধ ব্যৱহাৰ হয়। লে...

গ্ল'কমা চকুৰ নীৰৱ ঘাটক

গ্লক’মা: চকুৰ এটা নিৰৱ ঘাতক গ্লক’মা (Glaucoma) হৈছে চকুৰ এনে এটা ৰোগ, যি লাহে লাহে আৰু নিৰৱে আমাৰ দৃষ্টিশক্তিক নষ্ট কৰিব পাৰে। ইয়াক প্ৰায়ে "চকুৰ নিৰৱ ঘাতক" বুলি কোৱা হয় কাৰণ বহু সময়ত ইয়াৰ লক্ষণ স্পষ্টভাৱে দেখা নাযায়, আৰু যেতিয়া ৰোগীয়ে বুজি পায়, তেতিয়া চকুৰ ক্ষতি হৈ যোৱাৰ সম্ভাৱনা থাকে। এই লেখাটোত আমি গ্লক’মা কি, ইয়াৰ লক্ষণ, কাৰণ আৰু চিকিৎসাৰ বিষয়ে সহজ ভাষাত জানিবলৈ চেষ্টা কৰিম। গ্লক’মা কি? গ্লক’মা হৈছে চকুৰ অপটিক নার্ভ (Optic Nerve)ৰ ক্ষতিৰ ফলত হোৱা এটা ৰোগ। এই নার্ভটোৱে চকুৰ পৰা মগজুলৈ ছবি প্ৰেৰণ কৰে, যাৰ ফলত আমি দেখিব পাৰোঁ। সাধাৰণতে চকুৰ ভিতৰত থকা তৰল পদার্থৰ চাপ বৃদ্ধি পোৱাৰ বাবে এই নার্ভৰ ক্ষতি হয়। যদি এই ৰোগৰ চিকিৎসা নকৰা হয়, তেন্তে ই সম্পূর্ণ অন্ধত্বলৈ লৈ যাব পাৰে। গ্লক’মাৰ লক্ষণ গ্লক’মাৰ প্ৰাৰম্ভিক লক্ষণ ধৰা পৰাটো কঠিন। বহু ধৰণৰ গ্লক’মাত কোনো বিষ বা অসুবিধা অনুভৱ নহয়। কিন্তু কিছুমান ক্ষেত্ৰত তলত দিয়া লক্ষণ দেখা দিব পাৰে: দৃষ্টি ক্ষেত্ৰৰ সংকোচন: প্ৰথমে চকুৰ কাষৰ দৃষ্টি (পেৰিফেৰেল ভিজন) লাহে লাহে কমি যায়। চকুৰ তীব্ৰ বিষ: হঠাৎ হোৱা গ্লক’মাৰ ক্ষেত্ৰত চকুত...

চকুৰ চানি পৰা ৰোগ বা cataract

চকুৰ ৰোগ: কেটাৰেক্ট চকু আমাৰ জীৱনৰ এক অমূল্য সম্পদ। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে বা অন্য কাৰণত চকুৰ বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে। তাৰে এটা সাধাৰণ আৰু গুৰুত্বপূৰ্ণ ৰোগ হ’ল কেটাৰেক্ট। কেটাৰেক্ট হৈছে চকুৰ লেন্সৰ এক অৱস্থা য’ত লেন্সটো ডাৱৰীয়া হৈ পৰে, ফলত দৃষ্টিশক্তি অস্পষ্ট হয়। এই ৰোগ সাধাৰণতে বয়স্ক লোকৰ ক্ষেত্ৰত বেছি দেখা যায়, কিন্তু কেতিয়াবা কম বয়সতো হ’ব পাৰে। কেটাৰেক্ট কি? চকুৰ ভিতৰত থকা লেন্সটো স্বচ্ছ হৈ থাকে আৰু পোহৰক চকুৰ ভিতৰলৈ প্ৰৱেশ কৰাই স্পষ্ট দৃষ্টি প্ৰদান কৰে। কিন্তু কেটাৰেক্ট হ’লে এই লেন্সত প্ৰ’টিন জমা হৈ ডাৱৰীয়া হৈ পৰে। ফলত পোহৰ সঠিকভাৱে প্ৰৱেশ কৰিব নোৱাৰে আৰু দৃষ্টি ধূসৰ হয়। ইয়াক সাধাৰণ ভাষাত “চকুৰ চানি পৰা” বুলিও কোৱা হয় । কেটাৰেক্টৰ কাৰণ কেটাৰেক্টৰ মূল কাৰণ হ’ল বয়স বৃদ্ধি। বয়স বাঢ়ি অহাৰ লগে লগে চকুৰ লেন্সৰ স্বাভাৱিক পৰিৱৰ্তন ঘটে। ইয়াৰ উপৰি আন কিছু কাৰণো আছে: ডায়েবেটিছ: মধুমেহ ৰোগীৰ ক্ষেত্ৰত কেটাৰেক্টৰ সম্ভাৱনা বেছি। অতিবেঙুনীয়া পোহৰ: সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শত বেছি থাকিলে এই ৰোগ হ’ব পাৰে। ধূমপান আৰু মদ্যপান: এই অভ্যাসে কেটাৰেক্টৰ আশংকা বঢ়ায়। চ...

driving licence আৰু চকু পৰীক্ষা

ভাৰতত driving licence বোৰ মটৰ ভেহিকেল এক্ট ১৯৮৮ ৰ অধীনত দিয়া হয়।এইখন আইনত লিখা আছে যে driving licence পাবলৈ চালক জনৰ উপযুক্ত দৃষ্টি শক্তি থাকিব লাগিব। মানে visual acuity, field of vision এইবোৰ normal থাকিব লাগিব। ইয়াত এনেকুৱা কোনো চকুৰ বেমাৰৰ কথা লিখা নাই যিটো থাকিলে driving licence পোৱাত সমস্যা হব। ইয়াত এটা কথা লিখা আছে যে driving licence বিচৰা লোকজনে দিনৰ পোহৰত কমেও ২৫ মিটাৰ দুৰৰ পৰা গাড়ীৰ নম্বৰ প্লেট খন পঢ়িব পাৰিব লাগিব । এই ক্ষেত্ৰত এটা মন কৰিব লগীয়া কথা যে corrected vision অৰ্থাৎ চশমা লৈ ইমান খিনি দেখিলেও driving licence পোৱাত কোনো অসুবিধা নহয়। যদি এজন মানুহে চশমা লৈ ও ২৫ মিটাৰ দূৰত গাৰীৰ নম্বৰ প্লেট খন পঢ়িব নোৱাৰে তেতিয়া তেওঁৰ চকুৰ vision 6/12 বা তাতকৈ কম আছে আৰু হয়তো কেটাৰাক্ত মানে চকু ৰ ছানি পৰা ৰোগ, glaucoma, retinitis pigmentosa বা অন্য neueological বেমাৰ থাকিব পাৰে। কুকুৰী কণা বা ৰাতি দেখা নোপোৱা, progressive diabetic retinopathy optic neuropathy আদি বেমাৰত licence দিয়া নহয়। সচৰাচৰ আবেদনকাৰী জনে তেওঁ সিমান দূৰত দেখা পাই বুলি আৰু night blindness ত আক্ৰান্ত নহয় বুল...

কম্পিউটাৰ ভিচন চিন্দ্ৰম চকুৰ নতুন সমস্যা

বৰ্তমান মানুহৰ জীৱন জীৱিকা দুইটাই যথেষ্ট সলনি হৈছে। স্মাৰ্ট ফোন ৰ অবাধ ব্যবহাৰ যোৱা দহ বছৰত যথেষ্ট বাঢ়িছে। বৰ্তমান সময়ত স্মাৰ্ট ফোন ব্যবহাৰ নকৰা কৈ জীৱন যাপন প্ৰায় অসম্ভৱ হৈ পৰিছে। এই দৰে mobile ফোন চোৱাৰ বাবে মানুহৰ চকুৰ নতুন সমস্যা কিছুমান দেখা দিছে যাক কম্পিউটাৰ ভিছন চিন্দ্ৰম বা ডিজিটেল eye strain বুলি কোৱা হয়। ইয়াৰ লক্ষণ বোৰ হল চকুৰ বিষ, ভাগৰুৱা চকু ধোঁৱা দেখা, একেটা বস্তু দুটা দুটা দেখা মূৰৰ বিষ চকু ৰঙা পৰা ডিঙিৰ বিষ দিনত দুঘণ্টা বা তাতকৈ বেছি screen চোৱা মানুহৰ মাজত এই সমস্যা বেছি হয়। Screen ৰ পৰা ওলোৱা blue লাইট এ চকুৰ ক্ষতি বেছি কৰে। প্ৰতিৰোধ কৰিবলৈ screen time কম কৰিব লাগিব। প্ৰতি আধা ঘণ্টা চোৱা পিছত কমেও দুই মিনিট চকু যুৰিক ৰেষ্ট দিয়া প্ৰয়োজন। চশমাত blue block লেন্স লগাই ও strain অলপ কম কৰিব পৰা যায়। এইবোৰ লক্ষণ থাকিলে বেছিভাগ ক্ষেত্ৰত দেখা যায় যে চকুৰ দৃষ্টি শক্তিৰ সমস্যা ও ইয়াৰ লগতে থাকে। গতিকে চকুৰ ডাক্তৰক দেখাই লোৱা ভাল।

চকুৰ সমস্যা :: মামা ভাগিনৰ বাৰ্তা লাপ

ঘৰ সোমাই এ দেখিলো বাবুই জুমি জুমি Mobile টো চাই আছে।  "কি হল বাবু চকু এনেকৈ সৰু সৰু কৰি mobile ত কি চাই আছা?" "নাই ৰবা মামা কিবা নোট এটা লগৰ লৰাই দিছে তাকে চাই আছো।" "বাবু তুমি mobile চালে মাজে মাজে ধোঁৱা ধোঁৱা অস্পষ্ট দেখা নেকি?" "অ কেতিয়াবা দেখো মামা কিন্তু আমাৰ লগৰ সকলোৰে এনেকুৱা হয় বোলে।" "হয় নেকি ? আৰু কোৱা বোৰ্ডত শিক্ষকে লিখিলে দুৰৰ পৰা কমকৈ দেখা পোৱা নেকি?" "অ পাও কেতিয়াবা। তেতিয়া মই গৈ আগৰ বেঞ্চ ত বহি লওঁ। তেতিয়া দেখা পাও।" "তুমি চকুৰ ডাক্তৰৰ তাত যাব লগীয়া হৈছে বাবু। তোমাৰ myopia হৈছে যেন পাও।" "এইটো কি বেমাৰ মামা?" "এইটো নিকট দৃষ্টি বুলি কয়। এইটো হলে মানুহে উচৰৰ বস্তু বোৰ দেখা পাই কিন্তু দুৰৰ বস্তু বোৰ দেখা নাপাই। এইটো কিয় হয় মামা?" "এইটো হোৱাৰ বহুত কাৰণ আছে। বংশগত কাৰক কিছুমান আছে। মানে কিছুমানৰ বংশত এইটো থাকে। মাক বাপেক ককা আইতা মামা এওঁলোকৰ থাকিলে এইটো পিছৰ প্ৰজন্মৰ লোকৰ হব পাৰে। কিন্তু বেছি ভাগ ক্ষেত্ৰত কি হয় জানা?" "কি হয় " "আজিকালি বেছিভাগ লৰা ছোৱ...

চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন D

আমাৰ শৰীৰৰ সুষ্ঠতাৰ বাবে ভিটামিন D অতি প্ৰয়োজনীয় । বৰ্তমান বিভিন্ন গৱেষণা ত দেখা গৈছে যে চকুৰ স্বাস্থ্যৰ বাবে ও ভিটামিন D অতি প্ৰয়োজনীয়। ভিটামিন D ৰ Anti inflammation property আছে। মানে শৰীৰৰ যিকোনো ঠাইত inflammation ই প্ৰতিহত কৰে। Uveitis, আৰু ৰেটিনাৰ inflammation যাক আমি ARMD বুলি কওঁ, এই দুটা বেমাৰ প্ৰতিহত কৰাত ভিটামিন D এ ভাল ভূমিকা গ্ৰহণ কৰে। ভিটামিন D ৰ উৎস ৰাতিপুৱা সূৰ্যৰ পোহৰ লোৱা মানুহৰ দেহত ভিটামিন D শৰীৰে নিজে উৎপাদন কৰিব পাৰে। খাদ্যৰ ভিতৰত তেলাল মাছ, কণীৰ কুহুম, গাখীৰ, কমলা টেঙাৰ ৰস আদিত প্ৰচুৰ পৰিমাণে ভিটামিন D পোৱা যায়। যদিহে শৰীৰত ভিটামিন D ৰ পৰিমাণ কম থাকে তেতিয়া ডাক্তৰৰ পৰামৰ্শ মতে ভিটামিন D supplement লব পাৰে।

চকুৰ বাবে প্ৰয়োজনীয় ভিটামিন

চকুৰ বাবে প্ৰয়োজনীয় ভিটামিন কেইটা হল ভিটামিন A, B, C আৰু E প্ৰয়োজনীয় ভিটামিন কেইটাৰ অভাৱত চকুৰ নানা ৰোগ হব পাৰে।cataract বা চকুৰ চানি পৰা, glaucoma, age related macular degeneration মানে ৰেটিনা ৰ সমস্যা, night blindness মানে কম পোহৰ ত ৰাতি নেদেখা এইবোৰ ভিটামিনৰ অভাৱত হয়। ভিটামিন A উৎস গাজৰ মিঠা আলু স্কুৱাছ ৰঙালাউ ভিটামিন E উৎস আলমণ্ড বাদাম চয়াবিন ভিটামিন C উৎস টেঙা জাতীয় ফল ভিটামিন B উৎস সেউজীয়া শাক পাচলি মাছ, মাংস কণী 

চকুৰ বিষয়ে কিছু আমোদ জনক তথ্য

আমাৰ শৰীৰৰ সকলোতকৈ জটিল অঙ্গ হল মগজু। চকু আমাৰ দেহৰ দ্বিতীয় জটিল অঙ্গ। চকুৰ পিছফালৰ পৰ্দা খনক ৰেটিনা বুলি কোৱা হয়। ৰেটিনা খনে ৰঙা, নীলা আৰু সেউজীয়া এই তিনিবিধ ৰং ধৰিব পাৰে। কিন্ত্ত এই তিনিটা ৰঙৰ সংমিশ্ৰণ ত সৃষ্টি হোৱা দহ মিলিয়ন অৰ্থাৎ এক কোটি ৰঙৰ মাজত পাৰ্থক্য আমাৰ মগজু এ ধৰিব পাৰে। ইৰিছ হল চকুৰ কৰ্ণিয়া ৰ পিছফালে থকা অংগ। প্ৰতি ইৰিচ ৰ ২৫৬ তা বিশেষত্ব থাকে। আনহাতে finger print ৰ বিশেষত্ব হল মাত্ৰ ৪০ তা । সেয়েহে আজিকালি biometric ত ইৰিচ ৰ বিশেষত্ব বোৰ চোৱা হয়। ৰেটিনাৰ দুই ধৰণৰ nerve থাকে। Rod আৰু cone। Rod ৰ সহায়ত আমি ৰাতি দেখা পাও।cone ৰ কাম হল colour vision। অৰ্থাৎ ৰং ৰ পাৰ্থক্য বুজা। এজন মানুহে প্ৰতি মিনিট ত ১২বাৰ চকু তিপিয়াই। চকুৰ cornea আমাৰ শৰীৰৰ একমাত্ৰ অংগ যত কোনো তেজৰ নলিকা নাথাকে।

Child hood myopia

 নিকট দৃষ্টি তথা ময়োপিয়া চকু আমাৰ শৰীৰৰ এটা গুৰুত্ব পূৰ্ণ অংগ। বিনন্দিয়া পৃথিৱী খনৰ ৰং ৰূপ উপভোগ কৰিবলৈ আমাৰ চকু যোৰ সুস্থ সবল হৈ থকা প্ৰয়োজন । কিন্তু বিভিন্ন সময়ত বিভিন্ন ৰোগে আমাক আমনি কৰে। বৰ্তমান সময়ত দেখিবলৈ পোৱা তেনে এবিধ ৰোগ হল নিকট দৃষ্টি। এইবিধ বেমাৰত ৰোগী জনে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়। কিন্তু দুৰৰ বস্তু ভালকৈ মনিব নোৱাৰে।  সচৰাচৰ কম বয়স ৰ লৰা ছোৱালীৰ এনে অৱস্থা হোৱা দেখা যায়। চকুৰ মনিৰ দৈৰ্ঘৰ তাৰতম্যৰ বাবে সাধাৰণতে এই ৰোগ হয়। বৰ্তমান সময়ত লৰা ছোৱালী হতৰ বেছিভাগ কাম ওচৰত কিতাপ পঢ়া, লিখা, মোবাইল, লেপ টপ এই সকলোবোৰ ওচৰত লৈ চাওঁতে চাওঁতে তেওঁলোকৰ দুৰদৃষ্টি শক্তি কমি যায় । এই বেমাৰ হলে তেওঁলোকে স্কুলৰ ক্লাছ ৰুমৰ বোৰ্ড ত লিখা কথা বোৰ পঢ়িবলৈ দিগদাৰ পায়। মূৰৰ বিষ, চকু ৰঙা পৰা লক্ষণ বোৰ ও ইয়াৰ লগতে আহে। এনেকুৱা অসুবিধা পালে চকুৰ ডাক্তৰ ক দেখুৱাই spectacle এযোৰ ললে আকৌ দেখা স্পষ্ট হৈ পৰে। আজিকালি বিভিননধৰণৰ ঔসধৰে নিকট দৃষ্টি নিৰাময় ৰ বাবে গৱেষণা চলি আছে যদিও প্ৰথম চিকিৎসা এতিয়াও soectacle এ হৈ আছে। বিভিন্ন surgical procedure যেনে lasik অপাৰেশ্যন ৰ সহায়ত ও নিকট...